ড০ দ্বিজেন্দ্ৰ নাথ ভকত
ড০ দ্বিজেন্দ্ৰ নাথ ভকত

ড০ দ্বিজেন্দ্ৰ নাথ ভকত


ড০ দ্বিজেন্দ্ৰ নাথ ভকত (জন্ম ইং ১৯৫৪ চনৰ ২ ফেব্ৰুৱাৰী) এজন অসমীয়া, ৰাজবংশী, বাংলা আৰু ইংৰাজী ভাষাৰ লেখক, কবি আৰু সাহিত্য-সমালোচক । তেওঁৰ সাহিত্য ৰচনাৰ বলিষ্ট ব্যাপ্তি ঘটিছে বিশেষকৈ দুটা দিশত - (১) শঙ্কৰী বা বৈষ্ণৱ সাহিত্য-সংস্কৃতিৰ চৰ্চা আৰু (২) ৰাজবংশী ভাষা-সাহিত্য-সংস্কৃতিৰ চৰ্চা ।

তেওঁ দীৰ্ঘদিন পশ্চিম অসমৰ এখন আগশাৰীৰ মহাবিদ্যালয়, গোলকগঞ্জৰ চিলাৰায় মহাবিদ্যালয়ত অধ্যাপনা কৰে | গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগত গৱেষণাৰ তত্বাৱধায়ক হিচাপে কাম কৰে | বিভিন্ন সভা-সমিতি, অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে অঙ্গাঙ্গী ভাবে জড়িত হৈ কাম কৰাৰ অভিজ্ঞতাও ড০ ভকতৰ আছে | তেওঁ কোচ ৰাজবংশী সাহিত্য সভাৰ সাম্প্ৰতিক সভাপতি ।

শঙ্কৰী সাহিত্যত তেওঁৰ উল্লেখনীয় গ্রন্থ হ’ল “শ্ৰীশ্ৰী শঙ্কৰদেৱ বিৰচিত বৰগীত”, “শ্ৰী শ্ৰী শঙ্কৰদেৱ-মাধৱদেৱ বিৰচিত বৰগীত”, “কীৰ্তন : এক সমীক্ষাত্মক আলোচনা”, “ভক্তি ৰত্নাকৰ সাৰ” আৰু “সত্ৰৰ সমীক্ষাত্মক ইতিবৃত্ত (পশ্চিম অসমৰ আৰু উত্তৰ বঙ্গ)“। ২০০৯ চনত তেওঁৰ গৱেষণা গ্ৰন্থ, “The Assamese Vaishnavite Satras of North Bengal and Goalpara”ৰ বাবে ড০ ভকতে আউনি-আটি সত্ৰ, মাজুলী, যোৰহাট, অসমৰ পৰা “শ্ৰীমস্ত শংকৰদেৱ গৱেষণা বঁটা” লাভ কৰে ।

ড০ দ্বিজেন্দ্ৰ নাথ ভকতে ৰাজবংশী ভাষাক বিশ্বদৰবাৰত প্রতিষ্ঠা কৰিবলৈ অহৰহ প্ৰচেষ্টাত নিমগ্ন। তেওঁ “ৰাজবংশী ভাষা-সাহিত্যৰ পৰিচয়”, “অসমৰ কোচ ৰাজবংশী জনজাতি”, “ৰাজবংশী ভাষা প্ৰসঙ্গ”, “Rajbangshi Language (History and Grammar)” আদি গ্ৰন্থত আধুনিক ভাষা বিজ্ঞানৰ তত্বৰ আলমত ভাষাটোৰ ধ্বনিতাত্বিক, ৰূপতাত্বিক, বাক্যতাত্ত্বিক আদি দিশসমূহৰ বিষয়ে তন্ন তন্নকৈ আলোচনা আগবঢ়াইছে।


জীৱন আৰু শিক্ষা

ড০ দ্বিজেন্দ্ৰ নাথ ভকতৰ জন্ম হয় ইং ১৯৫৪ চনৰ ২ ফেব্ৰুৱাৰী (১৮ মাঘ, ১৩৬০ সাল) সোমবাৰ, কৃষ্ণা ত্ৰয়োদশী তিথিত ধুবুৰী জিলাৰ অন্তৰ্গত সত্ৰীয়া পৰিৱেশে আৱৰি ৰখা খেৰবাৰী (৩য় খন্ড) গাঁওত। পিতৃ স্বৰ্গীয় বনমালী ভকত আৰু মাতৃ শ্ৰী ভানুমতী ভকত। জিনকাটা নিধিৰাম ভকত এম.ভি. স্কুলত প্ৰাথমিক শিক্ষা আৰম্ভ কৰি হালাকুৰা হাইস্কুলৰ (বর্তমান উচ্চতৰ মাধ্যমিক বিদ্যালয়) ৰ পৰা ১৯৭২ চনত প্রৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৭৭ চনত গৌৰীপুৰস্থিত প্ৰমথেশ বৰুৱা মহাবিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত অনাৰ্চ সহ সুক্ষ্য়াতিৰে স্নাতক ডিগ্ৰী লাভ কৰে। এইখিনিতে উল্লেখনীয় যে প্রমথেশ বৰুৱা মহাবিদ্যালয়ৰ অসমীয়া বিষয়ত অনাৰ্চ লাভ কৰা ছাত্ৰ-হাত্তীসকলৰ ভিতৰত ড০ ভকত আছিল তৃতীয়জন ছাত্ৰ। তেওঁৰ পূৰ্বতে দুজনমান ছাত্ৰ-ছাত্ৰীয়েহে অনাৰ্চ লাভ কৰিছিল। ১৯৭৭ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰত অবিভক্ত গোৱালপাৰা জিলাৰ পৰা মাত্ৰ ৩৫ জন ছাত্ৰ-ছাত্ৰীয়ে অসমীয়াত অনাৰ্চ লাভ কৰিছিল। ইয়াৰ ভিতৰত ভকত আছিল অন্যতম। ১৯৭৯ চনত ভকতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আৰু ১৯৯২ চনত একেখন বিশ্ববিদ্যালয়ৰ পৰা তেওঁ ডক্টৰেট উপাধি লাভ কৰে। মন কৰিবলগীয়া যে প্ৰমথেশ বৰুৱা মহাবিদ্যালয়ৰ পৰা তেওঁৰ পূৰ্বে কোনো এজন ছাত্ৰ-ছাত্ৰীয়ে অসমীয়াত এম.এ. পাছ কৰা নাছিল। তদুপৰি বিশাল গোলকগঞ্জ বিধানসভা সমষ্টিৰ ভিতৰত তেওঁ আছিল প্রথম অসমীয়া বিষয়ত এম. এ. আৰু ডক্টৰেট ডিগ্ৰীধাৰী ব্যক্তি।

১৯৮৪ চনৰ ৭ ডিচেম্বৰত প্ৰমথেশ বৰুৱা মহাবিদ্যালয়ৰ প্রাক্তন অধ্যক্ষ তথা বিলাসীপাৰা পূৱ সমষ্টিৰ বিধায়ক স্বনামধন্য ব্যক্তি স্বৰ্গীয় ৰুক্মিণীকান্ত ৰায়ৰ জ্যেষ্ঠা কন্যা লাবণ্য ৰায়ৰ লগত বিবাহপাশত আৱদ্ধ হয়। ১৯৮৫ চনৰ ২২ ডিচেম্বৰ তাৰিখে একমাত্ৰ সন্তান অনন্যা ভকতৰ জন্ম হয়।


উপজিব্য

ড০ ভকতে এম.এ. পাছ কৰি উঠিয়েই প্ৰমথেশ বৰুৱা মহাবিদ্যালয়ত কিছুদিন অংশকালীন প্রবক্তাৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৭৯ চনৰ ১১ চেপ্তেম্বৰ তাৰিখে ভকতে গোলকগঞ্জস্থিত চিলাৰায় মহাবিদ্যালয়ত প্রবক্তাৰূপে যোগদান কৰি সেই মহাবিদ্যালয়ৰ পৰাই সহযোগী তথা মুৰব্বী অধ্যাপক ৰূপে ২০১৫ চনৰ ৩০ এপ্ৰিল তাৰিখে চাকৰিৰ পৰা অৱসৰ গ্রহণ কৰে। অৱশ্যে অৱসৰ গ্ৰহণৰ আগতে কিছুদিনৰ বাবে ড০ ভকতে উক্ত মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষৰ দায়িত্বও পালন কৰিছিল।

ড০ ভকত চিলাৰায় মহাবিদ্যালয়ত অধ্যাপনাৰ সমান্তৰালভাবে ৰাজবংশী ভাষা সাহিত্যেৰ আসৰৰ সম্পাদক (১৯৯৬); ৰাজবংশী সাহিত্য সভাৰ প্রথম প্ৰধান সম্পাদক (১৯৯৭-২০০০); Director, Foundation for Social Sciences and Research, Jalpaiguri (Language Section 1998-2005); Director, Centre for Ethnic Studies and Research, Golakganj (1998-2013); উপ-সভাপতি, উত্তৰ-পূৱ ভাষা-সাহিত্য অধ্যয়ন পৰিষদ; গুৱাহাটী বিশ্ববিদ্যালয় (২০০০-২০০২); অসম সাহিত্য সভাৰ আজীৱন সভ্য (২০০১); Lifetime Member, Folklore Congress Association of India (2007); কোচ ৰাজবংশী সাহিত্য সভাৰ আজীৱন সভ্য (২০১৪); সম্পাদক, অসম জনকৃষ্টি সমাজ, ধুবুৰী (২০০৭); সভাপতি, অসম সাংস্কৃতিক মহাসংঘ, ধুবুৰী (২০১৩-২০১৬); সভাপতি, কোচ-ৰাজবংশী সাহিত্য সভা (২০১৫ চনৰ পৰা আজিলৈকে) আদি বিভিন্ন অনুষ্ঠান প্রতিষ্ঠানৰ সৈতে অঙ্গাঙ্গী ভাবে জড়িত হৈ কাম কৰাৰ অভিজ্ঞতা; ভাৰতৰ বিভিন্ন ঠাই আৰু পৃথিৱীৰ বিভিন্ন দেশত ভ্ৰমণ কৰাৰ বৰ্ণিল অভিজ্ঞতাৰে সমৃদ্ধ এজন ব্যক্তি।