কলেজ আৰু বিশ্ৱবিদ্য়ালয়ৰ ছাত্র-ছাত্রীৰ উপযোগীকৈ লিখা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ‘কীৰ্তন ঘোষা’ গ্ৰন্থখনৰ আলোচনা মূলক পুথি হ’ল ‘কীৰ্তন : এক সমীক্ষাত্মক আলোচনা’ । ই শঙ্কৰদেৱৰ বিৰচিত কীৰ্তন ঘোষাৰ ৰচনা আৰু আধাৰ গ্ৰন্থ । নাম প্ৰসঙ্গৰ পুথি হিচাপে কীৰ্তন, কীৰ্তনত শঙ্কৰদেৱৰ ধৰ্মমত, অলংকাৰ, ছন্দ, ৰস, ভাষা, প্ৰকৃতি, দাৰ্শনিক তত্ত্ৱ, কীৰ্তনত সমাজ, জনপ্ৰিয়তা আদিৰ বিষয়ে আলোচনাৰ উপৰি প্ৰতিটো অধ্য়ায়ৰ সাৰাংশ দিয়া আছে । সকলো শ্ৰেণীৰ পাঠকৰ বাবে এইখন এখন উপাদেয় গ্ৰন্থ ।
প্ৰথম সংস্কৰণ : ১৯৯৪
প্রকাশক: বনমালী প্ৰকাশন