‘শ্ৰীশ্ৰী শংকৰদেৱৰ বৰগীত’ গ্রন্থখনিত পাতনি খণ্ডত শংকৰদেৱৰ পৰিচয়; বৰগীতৰ সংঙ্গা আৰু সংখ্য়া, বৰগীতৰ জনপ্ৰিয়তা, বৰগীতৰ ৰাগ-তাল, শংকৰদেৱৰ বৰগীতৰ বিষয়বস্তু, শংকৰদেৱৰ বৰগীতৰ ভাষা, ছন্দ, অলংকাৰ আৰু উচ্চাঙ্গ সংগিত হিচাপে ইয়াৰ বৈশিষ্ট্য় বোৰ আলোচনা কৰা হৈছে । শংকৰদেৱৰ প্ৰতিটো বৰগীতৰ অৰ্থ দিয়াৰ লগতে শেষত পশ্চিম অসমত প্ৰচলিত ষত্ৰীয়া গীত নাচৰ বোল সৰ্ণ্ণিবিষ্ট কৰা হৈছে । গুৱাহাটীৰ বিশ্ৱবিদ্য়ালয়ৰ ৰবিন্দ্ৰনাথ ঠাকুৰ অধ্য়াপক তথা আধুনিক ভাৰতীয় ভাষা বিভাগৰ প্ৰাক্তণ মুৰব্বী অধ্য়াপক ডঃ সত্যন্দ্ৰ নাৰায়ণ গোস্ৱামীদেৱৰ অভিমত সম্বলিত এই গ্রন্থখনো বিদ্য়ায়তনিক ভাবে সজোৱা । সকলো শ্রেণীৰ পাঠকৰ বাবে ই এখন উপদেয় গ্রন্থ ।
প্রকাশিকা : লাবণ্য ভকত, বনমালি প্ৰকাশন
প্ৰথম সংস্কৰণ : ১৯৯২